Goalpara District | গোৱালপাৰা জিলা

গোৱালপাৰা জিলা Goalpara District

  • মাটিকালিঃ ১,৮২৪ বর্গ কিঃ মিঃ |
  • জনবসতিৰ ঘনত্বঃ ৫৫৩ জন
  • মুঠ জনসংখ্যাঃ ১০,০৮,১৮৩
  • মুঠ পুৰুষঃ ৫,১৩,২৯২ |
  • মুঠ মহিলা ও ৪,৯৪,৮৯১ |
  • সাক্ষৰঃ ৫,৬৩,৫৭৭
  • পুৰুষ সাক্ষৰ ৩,০৪,৩০২ |
  • মহিলা সাক্ষৰ ও ২,৫৯,২৭৫
  • এছ.টি.ডি.কডঃ ০৩৬৬৩
  • পিন নংঃ ৭৮৩১০১
  • মুঠ আৰক্ষী থানা ঃ ১০খন
  • মুঠ আৰক্ষী চকী  ৫খন
  • Vehicle Reg. Code : AS 18

Basic Details of Goalpara District

  • মহকুমা – গোৱালপাৰা আৰু লক্ষীপুৰ।
  • জিলাৰ সদৰ – গোৱালপাৰা চহৰ।
  • বিধানসভা সমষ্টি – গোৱালপাৰা পূব, গোৱালপাৰা পশ্চিম, জলেশ্বৰ আৰু দুধনৈ।
  • প্রধান ঠাই – দুধনৈ, মৰনৈ, কৃষ্ণাই, পঞ্চৰত্ন, শ্রীসূর্য, টুক্রেশ্বৰী।
  • প্রধান নদনদী – দুধনৈ, কৃষ্ণাই, জিঞ্জিৰাম, জিনাৰি আদি।
  • উন্নয়ন খণ্ড – দুধনৈ (ৰংজুলি), মাটিয়া, কৃষ্ণাই, বালিজানা, লখিপুৰ, জলেশ্বৰ, কুশধোৱা, খৰমাজো।
  • ৰাজহ চক্র – লখিপুৰ, বালিজানা, মাটিয়া, দুধনৈ, ৰংজুলি, গােৱালপাৰা (সদৰ), জলেশ্বৰ।

Goalpara Districts Maps

  1. Anganwadi Centres of Goalpara
  2. Community/Cinema Halls
  3. Emergency Shelters
  4. Healthcare Centres
  5. Important Offices
  6. LPG/Petrol/Diesel Stations
  7. Polling Stations
  8. Power Distribution Plants
  9. Schools
  10. Transportation
  11. Veterinary Centres
  12. Water Supply Sources

Goalpara District PIN Code

Click Here

District Administration, Goalpara

Click Here

History of Goalpara District in Assamese | গােৱালপাৰা জিলাৰ ইতিহাস

গােৱালপাৰা নামনি অসম সংমণ্ডলৰ অন্তৰ্গত এখন জিলা। জিলাখনৰ সদৰ গােৱালপাৰা চহৰ। মুঠ ১,৮২৪ বর্গকিলােমিটাৰ মাটিকালি।

নামটোৰ উৎপত্তি, ইতিহাস

‘গােৱালটিপ্পিক’ অর্থাৎ গােৱালৰ গাঁও শব্দৰপৰা গােৱালপাৰা শব্দটিৰ উৎপত্তি হৈছে বুলি কোৱা হয়! গােৱালপাৰাৰ ইতিহাস বহু শতিকাজোৰা। চীনা পৰিব্রাজক হিউৱেন চাঙৰ বিৱৰণিৰ ভিত্তিত ছাৰ এডৱার্ড গেইটে মন্তব্য কৰিছে যে এসময়ত কুমাৰ ভাস্কৰ বৰ্মাৰ ৰাজ্যৰ ৰাজধানী গােৱালপাৰা অথবা কোচবিহাৰ আছিল। পাছলৈ অঞ্চলটি কোচ ৰাজবংশৰ অধীনস্থ হৈছিল। ১৮২৬ চনৰ ইয়াণ্ডাবু সন্ধি মর্মে অসম সম্পূৰ্ণৰূপে ব্রিটিছৰ অধীনলৈ যােৱাৰ পাছত ১৮৭৪ চনত গােৱালপাৰাক অসমৰ এখন জিলা হিচাপে গঠন কৰা হয়। পাছত, ১৯৮৩ চনত জিলাখনৰপৰা আন তিনিখন জিলা ক্রমে কোকৰাঝাৰ, বঙাইগাঁও আৰু ধুবুৰী জিলা গঠন কৰা হয়।

চাৰিসীমা

গােৱালপাৰা জিলাৰ চাৰিসীমাত আছে পূবে দক্ষিণ কামৰূপ জিলা, পশ্চিমে ধুবুৰী জিলা, উত্তৰে ব্ৰহ্মপুত্র নদী, দক্ষিণে মেঘালয়। জনসংখ্যা ঃ- জিলাখনৰ মুঠ জনসংখ্যা ২০১১ চনৰ লােকপিয়লমতে ১০,০৮,১৮৩ জন আৰু ২০০১ চন অনুসৰি ৮,২২,০৩৫জন। মহকুমা, বিধানসভা সমষ্টি ইত্যাদি ঃ

গােৱালপাৰা জিলাখন মুঠ ৮৫৪খন গাঁৱেৰে গঠিত। জিলাখনত মুঠতে ৮টা উন্নয়ন খণ্ড আছে। মহকুমা গােৱালপাৰা আৰু লক্ষীপুৰ। গােৱালপাৰা পূব, গােৱালপাৰা পশ্চিম, জলেশ্বৰ আৰু দুধনৈ— এই চাৰিটা বিধানসভা সমষ্টিৰে গঠিত গােৱালপাৰা জিলা। গােৱালপাৰা পূব, গােৱালপাৰা পশ্চিম আৰু জলেশ্বৰ বিধানসভা সমষ্টি ধুবুৰী লােকসভা সমষ্টিৰ অংশবিশেষ।

ভাযা, ধর্ম ঃ-

 জিলাখনৰ প্রধান বাসিন্দা হ’ল ৰাজবংশীসকল। সেই 1 বাবেই জিলাখনত প্রচলিত মুখ্য ভাষাটো ৰাজবংশী বা গােৱালপৰীয়া উপভাষা। কাৰণ এসময়ত এই ভূখণ্ড ৰাজবংশী/কোচ ৰাজবংশীসকলৰদ্বাৰা শাসিত ৰাজ্য আছিল। অৱশ্যে গােৱালপৰীয়া ভাষাৰ উপৰি জিলাখনত অসমীয়া, বাংলা, হিন্দী, গাৰাে, ৰাভা আদি অন্যান্য ভাষাৰাে প্রচলন আছে। ৰাজবংশীসকলৰ উপৰি এই জিলাখনৰ আন আন বাসিন্দাসকলৰ ভিতৰত ৰাভা, বড়াে, গাৰাে, যােগী, গােৱাল, হীৰা, সূত্ৰধাৰ আদি জনগােষ্ঠী অন্যতম।

অর্থনীতি

উদ্যোগ-বাণিজ্যৰ ক্ষেত্ৰত তেনেই পিছপৰা জিলাখনৰ অর্থনীতিৰ ৯০ শতাংশই কৃষিভিত্তিক। পৰম্পৰাগতভাৱে জিলাখনত ধান, ঘেঁহু, মৰাপাট আদিৰ খেতি কৰাৰ উপৰি চাহ, ৰবৰ আদিৰ খেতিও কৰা হয়। মইজোংগা (Moijonga) আৰু ছিমলিটোলা (Simlitola) জিলাখনৰ দুখন চাহ-বাগিচা। গােৱালপাৰা জিলাৰ কৃষি খণ্ডত উৎপাদিত ফল-মূল আৰু পাচলিৰ ভিতৰত কল, আম, মাটি কঁঠাল, আলু, বিলাহী, কবি আদি উল্লেখযােগ্য। দৰংগিৰিত এখন বৃহৎ কলৰ বজাৰ আছে।

খনিজ সম্পদ

জিলাখনত প্রাপ্ত খনিজ সম্পদসমূহৰ ভিতৰত লেখত ল’বলগীয়া সম্পদ হ’ল ব্লেক গ্রেনাইট আৰু লােৰ আকৰ।

পর্যটন

গােৱালপাৰা জিলাৰ প্রাকৃতিক সৌন্দর্য আৰু পুৰাতাত্ত্বিক সমলসমূহ অতি আকর্ষণীয়। কিন্তু জিলাখনৰ পর্যটন খণ্ডটো এতিয়াও | বিকাশমান স্তৰতে আছে। গােৱালপাৰাৰ পাহাৰসমূহত বৌদ্ধ, জৈন আৰু হিন্দুধৰ্মৰ সাংস্কৃতিক ঐতিহ্যৰ স্বাক্ষৰ লক্ষণীয়। শিলত কটা বৌদ্ধ স্তুপসমূহৰ ভিতৰত গ্রেনাইট শিলত কটা তিনিটা অতি বৃহৎ স্কুপাে আছে। দাদন পাহাৰৰ শীর্ষত থকা শিৱ মন্দিৰটো শােণিতপুৰৰ বাণ ৰজাৰ সেনাপতি দাদনে নির্মাণ কৰােৱাইছিল বুলি কথিত আছে। তদুপৰি ব্ৰহ্মপুত্ৰকে ধৰি জিলাখনত থকা বিভিন্ন পাহাৰ, অৰণ্য আদিত পর্বতাৰােহণ, জলক্রীড়া আদি উপভােগৰ সুন্দৰ অৱকাশ আছে। এই ক্ষেত্ৰত কুমৰী বিল, ধামৰ বিল, উপদ বিল, ৰাক্ষসিনী পাহাৰ, পঞ্চৰত্ন আদি প্রসিদ্ধ। হুলুকান্দা পাহাৰ, দুধ খােৱা পাহাৰ আদিৰ সৌন্দর্যও দর্শনীয়। তীর্থস্থান হিচাপে শ্রীশ্রীসূর্যপাহাৰ, টুক্রেশ্বৰী পাহাৰ, পাগলাৰটেক মন্দিৰ, বুঢ়াবুঢ়ী থান, নৰসিংহ মন্দিৰ, জয়ভূম কামাখ্যা মন্দিৰ, নন্দেশ্বৰ দেৱালয়, শ্ৰীশ্ৰীশংকৰ মঠ, শ্রীশ্রীচৈতন্য গােড়ীয় মঠ, পীৰ মাজাৰ (গােৱালপাৰা চহৰ), পীৰ চাহাবৰ মাজাৰ শ্বৰীফ (জলেশ্বৰ) আদি উল্লেখযােগ্য।

শিক্ষা

গােৱালপাৰা জিলাৰ শিক্ষাৰ প্ৰসাৰত বিভিন্ন শিক্ষানুষ্ঠানে বিশেষ অৰিহণা যােগাই আহিছে। তাৰ ভিতৰত গােৱালপাৰা কলেজ, চৰকাৰী বি টি কলেজ, জুনিয়ৰ টেকনিকেল স্কুল আদি উল্লেখযােগ্য। জিলাখনৰ মৰনৈত অসমৰ একমাত্ৰ সৈনিক স্কুলখন অৱস্থিত। জিলাখনৰ দুধনৈত আছে বুনিয়াদী প্রশিক্ষণ কেন্দ্র।

বিশিষ্ট ব্যক্তি

এই জিলাখনতে নগেন্দ্ৰ নাৰায়ণ চৌধুৰী, অমৃতভূষণ দেৱ অধিকাৰী আদি বিশিষ্ট সাহিত্যিকে জন্ম গ্রহণ কৰিছিল।

যাতায়াত

গােৱালপাৰালৈ বাছ আৰু ৰে’লৰ যােগাযােগ ব্যৱস্থা সুচল। গুৱাহাটীৰপৰা গােৱালপাৰা জিলালৈ স্থলপথেৰে দূৰত্ব ১৫০ কিলােমিটাৰ। জিলাখনৰ মাজেৰে পাৰ হৈ গৈছে ৩৭, ৫১ আৰু ৩১(খ) নং ৰাষ্ট্ৰীয় ঘাইপথ। পঞ্চৰত্নত ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ কৰা তৃতীয়খন দলং নৰনাৰায়ণ সেতু’ৱে উত্তৰ পাৰৰ সৈতে দক্ষিণ পাৰৰ বােগাযােগ যথেষ্ট সহজ কৰি তুলিছে। ৰে’ল সংযােগে গােৱালপাৰাক দেশৰ ৰে’ল যােগাযােগৰ মানচিত্ৰত স্থান দিছে। লােকপ্রিয় গােপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰপৰা গােৱালপাৰালৈ বাছেৰে মাথোঁ চাৰি ঘণ্টাৰ বাট।

Leave a Reply

You are currently viewing Goalpara District | গোৱালপাৰা জিলা