PageMaker 6.5 7.0 হৈছে বৰ্তমান বিশ্বৰ আটাইতকৈ বেছি সংখ্যক লোকে পেশাদাৰীভাৱে ব্যৱহাৰ কৰা Word Processor | PageMaker ৰ পূৰ্বৰ সংস্কৰণসমূহৰ তুলনাত এই সংস্কৰণত ভালেখিনি অভিনৱত্বৰ সংযোজন ঘটিছে; যাৰ ফলত DTP কাৰ্য পূৰ্বৰ তুলনাত কেৱল উন্নতেই নহয় সহজসাধ্যও হৈ পৰিছে।
Page Maker Interface
1. Tool Box
Tool Box : ই হৈছে PageMaker ৰ আটাইতকৈ গুৰুত্বপূৰ্ণ Palette। ইয়াত মুঠতে ১৪ টা Tool বা সঁজুলি আছে। Window menu ৰ tools ত click কৰি ইয়াক উলিয়াব অথবা সুমুৱাব (Hide) পৰা যায়। Mouse ৰে click কৰি এই tool সমূহৰ পৰা যিকোনো এটা Tool Select কৰিব পৰা যায়। এই Tool সমূহৰ কাৰ্যপ্ৰণালী এনেধৰণৰ –
i. Pointer Tool/Object Select Tool
ইয়াৰ সহায়ত Object ৰূপে select কৰিব পৰা যায়। উদাহৰণস্বৰূপে, এই tool টো select কৰি লৈ কোনো চিত্র অথবা graphics ত click কৰিলে সেই চিত্র অথবা graphics টো object ৰূপে select হ’ব। এনে selection ত selected object টোৰ কেউফালে আঠোটা ডাঠ ক’লা বিন্দু দেখা পোৱা যায়। এই বিন্দুসমূহত drag কৰি object টোৰ আকাৰ পৰিৱৰ্তন কৰিব পৰাৰ লগতে object টোৰ মাজত ধৰি drag কৰি ইফালে-সিফালে নিব পৰা যায় ৷
আকৌ, যদি টাইপ কৰি লোৱা আখৰ (text) ৰ ওপৰত এইটো tool ৰে click কৰা যায় তেন্তে সেই আখৰখিনি object ৰূপে select হ’ব। এনে অৱস্থাত selection টোৰ ওপৰ আৰু তলফালে দুডাল ৰেখা দেখা
ii. Text Tool
এই tool টো select কৰি লৈ পৃষ্ঠাটোৰ যিকোনো স্থানত click কৰিলে এটা টিপিয়াই থকা pointer দেখা পোৱা যায়; যাৰ অৰ্থ হৈছে টাইপ কৰা আখৰ লিখিবৰ বাবে ই সাজু হৈছে। এই tool টো select কৰি লৈ যদি পৃষ্ঠাটোৰ কোনো স্থানত drag or click কৰা হয় তেন্তে এটা box দেখা পোৱা যাব। এনেক্ষেত্ৰত type কৰা আখৰখিনি সেই box টোৰ ভিতৰতহে থাকিব। অৱশ্যে, object selection ৰ দ্বাৰা drag কৰি এই box ৰ আকাৰ সালসলনি ঘটাব পৰা যায়। ………
iii. Rotating Tool
কোনো text, চিত্র অথবা graphics ক object ৰূপে select কৰাৰ পাছত এই tool select কৰি selection ৰ কাষত থকা যিকোনো এটা বিন্দুত drag কৰি object টোৰ কৌণিক অৱস্থান নিৰূপণ কৰিব পৰা যায়।
iv. Crop Tool
এই tool বিধ select কৰি লৈ কোনো এটা object ক কোনো ফালৰ পৰা drag কৰি object টো কাটি (চকলিয়াই) আহিব পৰা যায়
v. Constrained Line Tool
এই tool টো select কৰি লৈ যিকোনো ডিগ্রীতে (কৌণিকভাৱে) সৰলৰেখা [ অংকন কৰিব পৰা যায় । প্রয়োজন সাপেক্ষে ওপৰত বৰ্ণাই অহা object selection পদ্ধতিৰে এই ৰেখাৰ আকাৰ হ্রাস-বৃদ্ধি কৰিব পৰা যায় ৷
vi. Line Tool
এই tool টো select কৰি লৈ ঠিয়কৈ, পথালিকৈ, ৪৫°, ৯০°, ১৩৫° অথবা ১৮০° ত drag কৰি সৰলৰেখা অংকন কৰিব পৰা যায় ৷ এবাৰ অংকন কৰাৰ পাছত object selection tool ৰ দ্বাৰা select কৰি এই সৰলৰেখা যিকোনো এমূৰে drag কৰি ইয়াৰ আকাৰ হ্ৰাস-বৃদ্ধি কৰিব পৰা যায়। এনে কৰোঁতে shift key টো টিপি থাকিব লাগে যাতে সৰলৰেখাডাল সৰলৰেখা হৈয়ে থাকে; অন্যথা ৰেখাডাল বেঁকা হোৱাৰ সম্ভাৱনা থাকে।
vii. Rectangle Tool
এইটো tool select কৰি লৈ পৃষ্ঠাৰ যিকোনো স্থানত drag কৰি চতুৰ্ভুজ অথবা বর্গক্ষেত্র – অংকন কৰিব পৰা যায় ।
viii. Circle Tool
এইটো tool select কৰি লৈ পৃষ্ঠাৰ যিকোনো স্থানত drag কৰি বৃত্ত অংকন কৰিব পৰা যায়
ix. Polygon Tool
এই tool select কৰি লৈ পৃষ্ঠাটোৰ যিকোনো স্থানত drag কৰি বহুভূজ অংকন কৰিব পৰা যায়। বহুভূজৰ বাহুৰ সংখ্যা নিৰ্ধাৰণ কৰিবলৈ অংকন কৰা বহুভূজটো select কৰি লৈ অথবা এই tool টো select কৰি লৈ element menu ৰ Polygon Settings ত click কৰিব লাগে। লগে লগে Polygon Setting ৰ Window খন দেখা পোৱা যাব। ইয়াৰ No. of Sides ৰ box ত বাহুৰ সংখ্যা লিখিব লাগে অথবা ইয়াৰ তলতে থকা button টো drag কৰি বাহুৰ সংখ্যা নিৰ্দিষ্ট কৰিব লাগে। প্ৰতিটো বাহু সাধাৰণতে সৰলৰেখা হৈ থাকে যদিও এই বাহুসমূহ wire ৰ দৰে একা-বেঁকা আকৃত্তিৰ কৰিবলৈ হ’লে Star inset ৰ তলৰ bar ডাল drag কৰি ইয়াৰ শতাংশৰ পৰিমাণ নিৰ্ধাৰণ কৰিব লাগে।
x. Hand Tool
এই tool টো select কৰি লৈ পৃষ্ঠাটোৰ যিকোনো অংশতে drag কৰি সমগ্ৰ পৃষ্ঠাটো ইফালেসিফালে নিব পৰা যায় ৷
xi. Zoom Tool
এই tool select কৰি লৈ পৃষ্ঠাৰ কোনো অংশত click কৰিলে সেই অংশটো ডাঙৰকৈ চাব পৰা যায়। এই tool select হৈ থকা অৱস্থাত Ctrl. টিপি লৈ পৃষ্ঠাৰ কোনো এক অংশত click কৰিলে সেই অংশটো সৰু কৰি চাব পাৰি।
2. Control Palette Use
ইয়াৰ সহায়ত আখৰৰ font সলাব পৰাৰ লগতে PageMaker ত সাংখ্যিকীয়ভাৱে সমাধা কৰিব খোজা সকলো কাম নিয়ন্ত্ৰণ কৰিব পৰা যায়। বহুক্ষেত্ৰত এই palette খন mouse ৰ বহুটো কাৰ্যকলাপ তথা বহুবিলাক window ৰ short cut স্বৰূপ। window menu ৰ control palette ত click কৰি এই palette খন উলিয়াব অথবা
সুমুৱাব পাৰি। ভিন্ন tool select কৰিলে control palette খনৰ ৰূপ ভিন্ন হোৱা দেখা যায়। Palette খনৰ বাওঁফালে select tool টোৰ প্ৰতীক দেখা পোৱা যায়। মন কৰিবলগীয়া যে control palette ৰ দ্বাৰা কোনো কাৰ্য সমাধা কৰিবৰ বাবে text অথবা object টো select কৰি লোৱাটো বাধ্যতামূলক।
তলত বিভিন্ন tool selection ৰ সহায়ত control palette ৰ কাৰ্য সম্পৰ্কে আলোচনা কৰা হ’ল।
Text Tool ৰ ক্ষেত্ৰত :
এইক্ষেত্ৰত Control Palette ৰ কাৰ্য আটাইতকৈ বেছি হয়। আখৰৰ font সলাবৰ বাবে নির্দিষ্ট text টুকুৰা select কৰিলৈ font box ত click কৰি font সলাব পৰা যায়। font box ৰ তলতে আছে দহটা বুটাম। তলত এই বুটাম সমূহৰ কাৰ্যাৱলী তলত বৰ্ণনা কৰা হ’ল ৷
সাধাৰণ অৱস্থাত এই বুটামটো select হৈ থাকে। N হৈছে Normal ৰ সক্ষিপ্ত ৰূপ ৷
ইয়াত click কৰি আখৰবিলাক bold কৰিব পৰা যায় ৷
ইয়াত click কৰি আখৰবিলাক Italic কৰিব পৰা যায় ৷
ইয়াত click কৰি আখৰবিলাকৰ তলত Underline দিব পৰা যায়।
ইয়াত click কৰিলে আখৰবিলাক Reverse হ’ব। অৱশ্যে, reverse কৰাৰ বাবে back ground ত এটা ৰং থকাটো বাধ্যতামূলক। আখৰসমূহ সাধাৰণতে ক’লা বা আন কোনো ৰঙেৰে type হয়। কিন্তু কোনো ৰঙৰ backgroundওপৰত আখৰসমূহ বগা ৰঙৰ কৰা কাৰ্যক reverse কৰা বুলি কোৱা হয়।
ইয়াত click কৰিলে আখৰসমূহৰ সোঁমাজেদি এডাল ৰেখাই কাটি যাব।
ইয়াত click কৰিলে আখৰবিলাক সৰু আকাৰৰ capital হ’ব।
ইয়াত click কৰিলে আখৰবিলাক ডাঙৰ আকাৰৰ capital হ’ব।
ইয়াত click কৰিলে আখৰবিলাক সাধাৰণ অৱস্থাতকৈ কিছু সৰু হ’ব আৰু শাৰীটোৰ সামান্য ওপৰত বহিব। ইয়াক super script বুলি কোৱা হয়। 22, 53 … আদি লিখিবলৈ দ্বিতীয় স্থানৰ অংকটো super script কৰা হয় ৷
ইয়াত click কৰিলে আখৰবিলাক সাধাৰণ অৱস্থাতকৈ কিছু সৰু হৈ শাৰীটোৰ সামান্য তলত বহিব। ইয়াক Sub Script বুলি কোৱা হয়। loge, A0. … আদি লিখিবলৈ sub sript ব্যৱহাৰ কৰা হয় ৷
Font box ৰ ঠিক সোঁহাতে থকা সৰু box টো হৈছে font size box । ইয়াত নম্বৰ ভৰাই enter মাৰি আখৰৰ আকাৰ সৰু-ডাঙৰ কৰিব পৰা যায়। তলত কেইটামান point ৰ আকাৰৰ উদাহৰণ দিয়া হ’ল।
Font box ৰ তলৰটো box হৈছে leading box । আখৰৰ শাৰীবিলাকৰ মাজত কিমান ফাঁক থাকিব সেয়া এই box ত থকা নম্বৰৰ সহায়ত নিৰ্ধাৰণ কৰিব পৰা যায়। যদি এই box ত click কৰিলে ওলোৱা menu খনৰ Auto ত click কৰা হয় তেন্তে font size বৃদ্ধিৰ সমানুপাতিক হাৰত স্বয়ংক্রিয়ভাৱে leading ও বৃদ্ধি পাব
Font size ৰ ঠিক সোঁফালে থকা box টোত সাধাৰণতে No Track বুলি ওলাই থাকে। ইয়াত click কৰিলে এখন menu ওলায় য’ত loose, tight, very tight … আদি option থাকে। ইবিলাকত click কৰি আখৰবিলাক ইটোৰ লগত সিটো ঢিলাকৈ অথবা টানকৈ ধৰি ৰাখিব পৰা যায়। No Track ওলাই থকা অৱস্থাত আখৰখিনি সাধাৰণ অৱস্থাত থাকে।
Leading box ৰ ঠিক সোঁফালে থকা box ত শতাংশৰ পৰিমাণ হ্রাস-বৃদ্ধি কৰি আখৰবিলাক মেলাহী অথবা ঠেক কৰিব পাৰি।
Track box ৰ ঠিক সোঁফালে থকা box ত নম্বৰ ভৰাই দুটা আখৰৰ মাজত থকা ফাঁক হ্রাসবৃদ্ধি কৰিব পৰা যায় ৷
সাধাৰণ অৱস্থাতকৈ কিছু ওপৰলৈ অথবা তললৈ নিব পৰা যায়।
Object Select Tool
Object Selection Tool ৰ ক্ষেত্ৰতঃ এনে অৱস্থাত Control Palette ত X আৰু Y ৰ দুটা box দেখা পোৱা যায় ৷ যাৰ দ্বাৰা pointer টোৰ অথবা selected object টোৰ অৱস্থান জানিব পৰা যায় ৷
নতুন File গঠন কৰিবলৈ : File
Menu ৰ New ত click কৰিলে নতুন file খোলাৰ Document setup window খন ওলাব। ইয়াৰ Page size ৰ কাষত থকা box ত file ৰ আকাৰ A4 হ’বনে Legal হ’ব অথবা আন কিবা আকাৰৰ হ’ব সেইটো নির্দিষ্ট কৰি দিব লাগে। কোনো এটা আকাৰ নিৰ্দিষ্ট কৰি দিয়াৰ লগে লগে Dimention box দুটা পৃষ্ঠাৰ আকাৰ মিলিমিটাৰত দেখা পোৱা যাব। ইয়াৰ পাছত Orientation ত file টো Tall হ’বনে Wide হ’ব সেইটো click কৰি নিৰ্ধাৰণ কৰিব লাগে। file ৰ পৃষ্ঠাসমূহ কিমান নম্বৰৰ পৰা আৰম্ভ হ’ব সেইটো Start Page box ত লিখিব লাগে। নতুন file টোত কেইটা পৃষ্ঠা লাগে সেইটো No. of Pages box ত লিখিব লাগে। যদি file টোত একেলগে দুটা পৃষ্ঠা ওলাই থাকিব লাগে তেন্তে Double-sided box ত click কৰি ‘ ☑️’ চিন দিব লাগে। file ৰ পৃষ্ঠাসমূহত margin দিবলৈ Inside, Outside, Top আৰু Bottom (অর্থাৎ যথাক্রমে – বাওঁ, সোঁ, ওপৰ আৰু তল) box কেইটাত ইঞ্চি হিচাপত জোখ ভৰাব লাগে। Target output resolution box ত 300 অথবা 600 dpi ভৰাল লাগে। এই menu ব সর্বশেষ option অর্থাৎ Compose to Printer box ত পৰাপক্ষত কম্পিউটাৰৰ