Use of Computer in Assamese। কম্পিউটাৰৰ ব্যৱহাৰ

কম্পিউটাৰৰ ব্যৱহাৰ । Use of Computer of in Assamese

বর্তমানৰ দিনত কম্পিউটাৰ সকলােদিশতে ব্যৱহাৰ হােৱা দেখা গৈছে। কিছুমান কম্পিউটাৰৰ গুৰুত্বপুর্ণ ব্যৱহাৰ তলত বর্ণনা কৰা হ’ল।

(1) কম্পিউটাৰ অফিচত কৰ্মচাৰীৰ ছুটি, দৰমহা, ঠিকনা অন্যান্য তথ্যবােৰ পৰিচলনা কৰাৰ কাৰণে ব্যৱহাৰ কৰা হয়।

(2) ৰেল বিভাগত যাত্রীৰ আখনৰ তথ্য আগতীয়াকৈ জনােৱা বা সংৰক্ষণৰ বাবে কম্পিউটাৰ ব্যৱহাৰ কৰা হয়।

(3) উৰাজাহাজত যাত্রীৰ আখনৰ তথ্য আগতীয়াকৈ জনােৱা বা সংৰক্ষণৰ বাবে কম্পিউটাৰ ব্যৱহাৰ কৰা হয়।

(4) বতৰৰ আগজাননী দিয়াৰ বাবে কম্পিউটাৰ ব্যৱহাৰ কৰা হয়।

(5) বিদ্যুত্ৰ মাচুল, টেলিফোনৰ মাচুল কম্পিউটাৰৰ দ্বাৰা গননা বা বনােৱা হয়।

(6) ফেশ্বন ডিজাইন টেকনলােজীত কম্পিউটাৰ ব্যৱহাৰ কৰা হয়। বিশেষকৈ কাপােৰৰ ডিজাইন, ড্রেচৰ ডিজাইন বনােবাৰ বাবে কম্পিউটাৰ ব্যৱহাৰ কৰা হয়।

(7) আর্কিটেক্ট বিলাকে বিভিন্ন বিল্ডিং, ঘৰ, পার্ক ডিজাইন কৰাৰ কাৰণে কম্পিউটাৰ ব্যৱহাৰ কৰে।

(8) স্কুল, কলেজত ছাত্র-ছাত্রী বােৰে শিকাৰ বাবে কম্পিউটাৰ ব্যৱহাৰ কৰে।

(9) Research Institution বােৰে জটিল গণনা কৰাৰ কাৰণে কম্পিউটাৰ ব্যৱহাৰ কৰে।

(10) টেলিভিচনত দেখুওৱা বিভিন্ন ধৰণৰ বিজ্ঞাপন বােৰ কম্পিউটাৰৰ সহায়ত বনােৱা হয়।

(11) ভিডিও গেম, গান শুনাৰ কাৰণে কম্পিউটাৰ ব্যৱহাৰ কৰে।

(12) বিভিন্ন দোকানত নিজৰ বস্তু বা সামগ্রীবােৰ বিক্ৰী বা লেন-দেন কৰাৰ কাৰণে কম্পিউটাৰ ব্যৱহাৰ কৰে।

Use of Computer of in Assamese
Use of Computer of in Assamese

কম্পিউটাৰৰ বৈশিষ্ট । Characteristic of Computer in Assamese

কম্পিউটাৰৰ বিভিন্ন বৈশিষ্ট আছে তথাপি তলত দিয়াবােৰ বেছি গুৰুত্বপূর্ণ?

গতি — কম্পিউটাৰে দ্রুত গতিত কাম কৰিৱ পাৰে, কম্পিউটাৰে অতি কম সময়ত বৃহৎ পৰিমানৰ কাম কৰি দিৱ পাৰে।

শুদ্ধতা — কম্পিউটাৰে হঠাৎ কেতিয়াবাহে ভূল কৰে। কিন্তু ইয়াক বিশ্লেষণ কৰিলে মানুহৰ গুৰত্ব নিদিয়াৰ বাবে এইটো ভূল হয়।

স্থান — কম্পিউটাৰ বােৰ সকলাে স্থানতে কাম কৰিৱ পাৰি। কম্পিউটাৰ বতৰৰ ওপৰত নিৰ্ভৰনকৰে।

সর্বদক্ষতা — কম্পিউটাৰে সকলাে ধৰণৰ কাম কৰিৱ পাৰে। এখন কাপােৰ ডিজাইনৰ পৰা নিউক্লিয় বিক্রিয়াকে ধৰি কৃত্রিম উপগ্রহলৈ।

 মেমৰি : কম্পিউটাৰৰ বিভিন্ন ধৰণৰ মেমৰি আছে। বিভিন্ন তথ্য মেমৰিত জমা কৰি ৰখিৱ পাৰি, প্রয়ােজনত ইয়াক উলিয়াৱ পাৰি।

বাইনেৰি সংখ্যা — কম্পিউটাৰে বাইনেৰি সংখ্যা পদ্ধতিটো ব্যৱহাৰ কৰে অর্থাৎ শুন্য (0) আৰু এক (1)।

কম্পিউটাৰৰ অসুবিধা। Disadvantage of Computer

কম্পিউটাৰৰ ব্যবহাৰত অসুবিধা নথকা নহয়। ইয়াৰ প্ৰধান অসুবিধা হৈছে।

(1) কম্পিউটাৰে কোনাে ধৰণৰ কথা নুশুনে বা কৱ নােৱাৰে।

(2) বিদ্যুৎ শক্তি নাথাকিলে কম্পিউটাৰ সক্রিয় কৰিৱ নােৱাৰি।

Reference

  1. Baboharik computer and Internet Shiksha (you can buy this book) by Diganta Das

Learning, Awareness and Education is the purpose of this blog/website.

If you found any mistake or error please inform us, Thanks

Leave a Reply

You are currently viewing Use of Computer in Assamese। কম্পিউটাৰৰ ব্যৱহাৰ