DTP কি ? What is DTP
DTP-ৰ পূৰ্ণপাঠ হৈছে – Desktop Publishing; অর্থাৎ ডেস্কৰ ওপৰতে প্রকাশ (ছপা)। সাধাৰণতে ছপাশাল বুলি ক’লে আমাৰ মনলৈ যিখন ছবি ভাহি আহে তাৰ তুলনাত বর্তমান কেৱল এখন মেজৰ ওপৰতে এটা ব্যক্তিগত কম্পিউটাৰ (Personal Computer or PC) ছেটৰ সহায়ত সৰু-সুৰা ছপা কার্য সমাধা কৰাটো সম্ভৱ হৈ উঠিছে। সংক্ষেপে ক’বলৈ গ’লে PCৰ দ্বাৰা সমাধা কৰা এনে ছপা কার্যই হৈছে DTP। অৱশ্যে, বর্তমানকালত DTP-এ ইয়াৰ আক্ষৰিক অর্থতকৈয়াে কিছু অধিক কার্য সম্পাদন কৰা দেখা যায়। ব্যক্তিভেদে DTP ৰ ব্যৱহাৰ তথা অর্থও ভিন্ন হ’ব পাৰে।
১৯৮৪ চনত PageMaker ৰ প্ৰথমটো সংস্কৰণক বুজাবলৈ DTPশব্দটো ব্যৱহাৰ কৰা হৈছিল। সেই সময়ত DTP আৰু PageMaker-I আছিল সমার্থক।
কোনাে তথ্য, লিখনি, চিঠি-পত্র, চিত্ৰ আদি সহজে টাইপ কৰি সংৰক্ষণ কৰিবলৈ অথবা সংৰক্ষিত তথ্যৰাজি Print কৰিবলৈ ব্যৱহৃত Software Package সমূহক Word Processor বুলি কোৱা হয়। PageMaker-I আছিল বিশ্বৰ প্ৰথমটো Word Processor, যাৰ দ্বাৰা PC ৰ যােগেদি কোনাে এখন কাগজত একেসময়তে আখৰ (text) আৰু চিত্র (graphics) ছপা কৰিব পৰা গৈছিল।
বর্তমানকালত PageMaker ৰ পৰৱর্তী সংস্কৰণসমূহৰ উপৰিও আন বহুতাে Word Processor ৰ উপস্থিতিত DTP কার্য পূর্বৰ তুলনাত অধিক নির্ভৰযােগ্য, সহজসাধ্য, সুলভ তথা উন্নত হ’বলৈ ধৰিছে। আজিৰ তাৰিখত আমাৰ চৌপাশে হাতে লিখাৰ বাদে আন যিমানবিলাক আখৰ দেখিছোঁ, হাতেৰে অংকণ কৰা চিত্ৰৰ বাদে আন যিমানবিলাক ছবি দেখিছোঁ সেই সকলােবিলাক কোনাে কোনাে পর্যায়ত DTPৰ যােগেদিয়েই সৃষ্ট বুলি ক’লেও বােধহয় অত্যুক্তি কৰা নহ’ব। বাতৰি কাকত, ৰংচঙীয়া আলােচনী, অন্যান্য কিতাপ, নিমন্ত্ৰণী পত্র, কেলেণ্ডাৰ, লেবেল, বেটুপাত আদি বিভিন্ন ক্ষেত্ৰত DTPপদ্ধতি ব্যৱহাৰ কৰা হয়।
বর্তমানকালৰ ছপা মাধ্যমৰ আটাইতকৈ জনপ্রিয় অফছেট পদ্ধতিত এটা Master Page ৰ পৰা অতি কম সময়ৰ ভিতৰতে হাজাৰ হাজাৰ copy ছপা কৰিব পৰা যায়। এই Master Page টো উলিওৱা হয় DTP ৰ জৰিয়তে।
That is most helpful to us..
Dtp in Assamese language book