কম্পিউটাৰৰ শ্রেণীবিভাজন ? Classification of Computers in Assamese
বর্তমান কম্পিউটাৰৰ আকৃতি, গতিবেগ, আৰু আপাৰেটিং নীতিৰ ওপৰত নিৰ্ভৰ কৰি কম্পিউটাৰ বিভিন্ন ভাগত ভাগ কৰিৱ পাৰি।
কম্পিউটাৰৰ শ্রেণী বিভাজন
- অপাৰেচন নীতি — ১. এনালগ কম্পিউটাৰ ২. ডিজিটেল কম্পিউটাৰ ৩. হাইব্রিড কম্পিউটাৰ
- উদ্দেশ্য আৰু ব্যৱহাৰ — ১. সাধাৰণ উদ্দেশ্যৰ কম্পিউটাৰ ২. বিশেষ উদ্দেশ্যৰ কম্পিউটাৰ
- আকৃতি আৰু গতি —- ১. মাইক্র কম্পিউটাৰ ২. মিনি কম্পিউটাৰ ৩. মেইনফ্রেম কম্পিউটাৰ ৪. চুপাৰ কম্পিউটাৰ
অপাৰেটিং নীতিত কম্পিউটাৰৰ শ্রেণী বিভাজন
- এনালগ কম্পিউটাৰ (Analog Computer)ঃ এনালগ কম্পিউটাৰ বিলাক এক ধৰণৰ কম্পিউটাৰ যিবােৰ কেৱল মাত্র সংকেত (Signal) গ্ৰহণ কৰিৱ পাৰে। সাধাৰণতে এনালগ কম্পিউটাৰ বােৰে সাধাৰণ গণনা কৰাৰ দৰে জোখ মাখ বােৰ নকৰে। এনালগ কম্পিউটাৰ বােৰ ফলাফল (Results) গ্রাফ আকৃতিৰ হয়। উদাহৰণ স্বৰূপে স্পিডােমিটাৰ, থার্মমিটাৰ ইলেকট্রিক মিটাৰ। ইত্যাদি।
- হাইব্রীডচ কম্পিউটাৰ (Hybrids Computer) : হাইব্রীডচ কম্পিউটাৰ বিলাক এক ধৰণৰ কম্পিউটাৰ যিবােৰ সংকেত (Signal) আৰু সংখ্যা (degits) দুয়ােটাই গ্রহণ কৰিৱ পাৰে। এই ধৰণৰ কম্পিউটাৰ বােৰে যিকোনাে সংকেত (Signal) গণনা আৰু নিয়ন্ত্রনত ব্যৱহাৰ কৰা হয়। উদাহৰণ স্বৰূপেহস্পিতালত থকা জৰুৰী কালীন সেৱাত ব্যৱহৃত হােৱা কম্পিউটাৰবােৰ হাইব্রীডচ টাইপৰ।
- ডিজিটেল কম্পিউটাৰ (Digital Computer): এই ধৰণৰ কম্পিউটাৰবােৰে সংখ্যা অথবা সংখ্যা টাইপৰ তথ্য গ্রহণ কৰে। ডিজিটেল কম্পিউটাৰবােৰে ডাটা আৰু নিদের্শনা (Instruction) দুয়ােটা ব্যৱহাৰ কৰােতাৰ পৰা গ্ৰহণ কৰে।
- সাধাৰণ উদ্দেশ্যৰ কম্পিউটাৰ সমাজৰ নিত্য প্রয়ােজনীয় কামবােৰ কৰাৰ কাৰণে এই ধৰণৰ কম্পিউটাৰবােৰ বনােৱা হয়। এইবােৰ সাধাৰণতে ইঞ্জিনিয়াৰিং উদ্যোগত ব্যৱহাৰ কৰা হয়। এইবােৰ সাধাৰণতে ৰিপাের্ট, ডাটা জমা কৰাৰ কাৰণে ব্যৱহাৰ কৰা হয়।
- বিশেষ ধৰণৰ কম্পিউটাৰ এক বিশেষ সমস্যা সমাধানৰ বাবে বিশেষ ধৰণৰ কম্পিউটাৰৰ মনােনীত কৰা হয়। এইবােৰ কম্পিউটাৰ সীমিত স্মৃতি শক্তি (Memory) আৰু কাৰ্যদক্ষতা সম্পন্ন।
আকৃতি আৰু দক্ষতা ওপৰত শ্রেণীবিভাজন
আকৃতি আৰু দক্ষতাৰ ওপৰত নিৰ্ভৰ কৰি কম্পিউটাৰ তলত দিয়া ধৰণে বিভাজন কৰিৱ পাৰি –
- মাইক্র কম্পিউটাৰ
- ব্যক্তিগত কম্পিউটাৰ
- লেপটপ কম্পিউটাৰ
- মিনি কম্পিউটাৰ
- মিনি ফ্রেম কম্পিউটাৰ
- চুপাৰ কম্পিউটাৰ
মাইক্র কম্পিউটাৰ ঃ মাইক্র কম্পিউটাৰ নিম্ন খাপৰ আৰু জনপ্রিয় কম্পিউটাৰ। মাইক্ৰ প্ৰছেচৰৰ দ্বাৰা মাইক্র কম্পিউটাৰ বােৰ নিয়ন্ত্রন কৰা হয়। মাইক্র কম্পিউটাৰ বােৰ দুই ধৰণে ভাগ কৰিৱ পাৰি।
- (1) ব্যক্তিগত কম্পিউটাৰ
- (2) লেপটপ কম্পিউটাৰ
মাইক্র কম্পিউটাৰ বিলাকৰ বৈশিষ্ট
- 1)গতি – ১০০ কিলাে ইনট্রাকশন/চেকেণ্ড।
- 2) শব্দ দৈৰ্ঘ্য – 8 পৰা 16 বিট।
- 1) কাৰ্য্য – ওবার্ড প্রচেছিং, গ্রাফিকচ, বিজ্ঞান ইত্যাদি।
- (2) সামগ্রি ব্যৱহৃত– ফ্লোপিডিক্স, হার্ডডিক্স, কীবাের্ড, ভি.ডি.ইউ., প্রিন্টাৰ।
ব্যক্তিগত কম্পিউটাৰ ঃ ব্যক্তিগত কম্পিউটাৰবােৰ ক্ষুদ্র আকৃতিৰও নহয় বৃহৎ আকৃতিৰও নহয়। এইবােৰ সাধাৰণ উদ্দেশ্যত ব্যৱহাৰ কৰা হয়। এইবােৰক সহজতে অফিচৰ টেবিলত থৱ পাৰি। ইয়াত সহজতে ব্যৱহৃত চফটওবেৰ ব্যৱহাৰ কৰা হয়।
লেপটপঃ লেপটপ কম্পিউটাৰবােৰ সৰু আকৃতিৰ, দেখাত এটা ব্রিফকেছৰ দৰে। বর্তমান ইয়াৰ আকৃতি ব্রিফকেছৰ পৰিৱর্তে এখন মজলীয়া আকৃতিৰ কিতাপৰ সমান হৈছে। লেপটপ সাধাৰণতে বেটাৰী শক্তিৰ ওপৰত নিয়ন্ত্রিত এইবােৰ ট্ৰেইন, বাছ, এয়াৰবাছত ভ্রমন কৰােতে ব্যৱহাৰ কৰিলেও একো অসুবিধাৰ সন্মুখিন হ’ৱ নালাগে।
মিনি কম্পিউটাৰঃ মিনি কম্পিউটাৰ বােৰ ডাঙৰ আৰু ইয়াৰ কাৰ্যদক্ষতা মাইক্র কম্পিউটাৰতকৈ বেছি। এইবােৰ বহুমুখী বহু ব্যৱহাৰক পৰিবেশৰ মাজত ব্যৱহাৰ কৰা হয়। এইবােৰৰ বৃহৎ স্মৃতিশক্তি থাকে। in igat *997694 PDP-II, VAX, 7500 MAGNUM UTai
মিনি কম্পিউটাৰ বিলাকৰ বৈশিষ্ট
- (1) গতি — 500 কিলাে ইনট্রাকশ্বন/চেকেণ্ড।
- (2) শব্দ দৈর্ঘ্য — 16 বিট।
- 1) কাৰ্য্য – ইঞ্জিনিয়াৰিং, বৈজ্ঞানিক, টাইম শেয়াৰিং ইত্যাদি।
- (2) সামগ্রি ব্যৱহৃত – লাইন পিন্টাৰ, হার্ডডিক্স, মেগনেটিক টেপচ।
মেইন ফ্রেম কম্পিউটাৰ ঃ মেইন ফ্রেম কম্পিউটাৰবােৰ ডিজিটেল কম্পিউটাৰতকৈ ডাঙৰ। এইবােৰ মেইন কম্পিউটাৰতকৈ অলপ বেলেগ। ইয়াত মাইক্ৰ প্ৰচেচৰ পৰিবৰ্তে এক চাৰকিট ব্যবহাৰ কৰা হয়। উক্ত চাৰকিটৰ জৰিয়তে এটা প্ৰান্তৰ পৰা আনটো প্রান্তলৈ অতি দ্রুত বেগত বৃহৎ পৰিমানৰ ডাতা আদান প্রদান কৰিৱ পাৰি৷ উদাহৰণ স্বৰূপে DEC20, IBM 370 ইত্যাদি। Classification of Computers in Assamese
মেইন ফ্রেম কম্পিউটাৰ বিলাকৰ বৈশিষ্ট ?
- গতি — 1000 ৰপৰা 10000 কিলাে ইনট্রাকশ্বন/চেকেণ্ড।
- শব্দ দৈর্ঘ্য — 32 পৰা 60 বিট।
- কাৰ্য্য — বৈজ্ঞানিক, ইঞ্জিনিয়াৰিং, ডিজাইন, ৰেল বিভাগ, উৰাজাহাত বিভাগ ইত্যাদি।
- সামগ্রি ব্যৱহৃত — হার্ডডিক্স, লাইন প্রিন্টাৰ, লেচাৰ প্রিন্টাৰ ।
চুপাৰ কম্পিউটাৰ– ডিজিটেল কম্পিউটাৰ উন্নত শ্ৰেণীটোক চুপাৰ কম্পিউটাৰ বুলি কৱ পাৰি৷ বহুমুখী কাৰ্য্য কৰাৰ কাৰণে চুপাৰ কম্পিউটাৰ বােৰ মনােনীত কৰা হয় অর্থাৎ একেসময়তে জটিল কাৰ্য আৰু একে সময়তে বিভিন্ন প্রক্রিয়া গণনা কৰাৰ কাৰণে মনােনীত কৰা হয়। ইয়াৰ কাৰ্য্য দক্ষতা আৰু প্রক্রিয়া আগবঢ়াই নিয়া দক্ষতা আন বিভাগৰ কম্পিউটাৰতকৈ বহু পৰিমাণে বেছি। চুপাৰ কম্পিউটাৰক Computing Gionts বুলিও কোৱা হয়। চুপাৰ কম্পিউটাৰ ব্যৱহাৰত বৃহৎ পৰিমানৰ ডাটা বেছি গতিত প্রয়ােগ হয়। উদাহৰণ স্বৰূপে PARAM আৰু ANURAG ভাৰতৰ চুপাৰ কম্পিউটাৰ।
চুপাৰ কম্পিউটাৰবােৰ জটিল গননা, নিউক্লিয় বিক্রিয়া, বতৰ বিজ্ঞানত ব্যৱহাৰ কৰা হয়। চুপাৰ কম্পিউটাৰবােৰ মেইন ফ্রেম কম্পিউটাৰবােৰতকৈ পাচগুণে বেছি শক্তিশালী।
চুপাৰ কম্পিউটাৰবােৰৰ বৈশিষ্টঃ
- (1) গতি — 10000 কিলাে ইনট্রাকশ্বন/চেকেণ্ড।
- (2) শব্দ দৈর্ঘ্য — 64 ৰ পৰা 96 বিট।
- (3) কাৰ্য্য আকাশ মণ্ডল অধ্যয়ন, বতৰ, ডিজাইনিং।
- (4) সামগ্রি ব্যৱহৃত — হার্ডডিক্স, লেচাৰ প্রিন্টাৰ।
You Can Read Also
- History of Computer in Assamese। কম্পিউটাৰৰ বুৰঞ্জী
- Generation of Computer in Assamese । কম্পিউটাৰৰ প্রজন্ম
- Use of Computer in Assamese। কম্পিউটাৰৰ ব্যৱহাৰ
- Classification of Computers in Assamese। কম্পিউটাৰৰ শ্রেণীবিভাজন
- What is DTP in Assamese। আৰু ইয়াৰ ইতিসাহ
Disclaimer: This website shares articles to help people learn and understand new things. We try to be correct, but if you find a mistake, please let us know. Thank you!
Personal Contact Information for Any Help or Suggestion
⬇️ Follow On Social Media To Know More & Learn 👇
My Youtube Channel | Click Here |
Whatsapp No. only text | 9365942927 |
Click Here | |
Click Here | |
Click Here | |
Click Here |
so beutifull