Generation of Computer in Assamese । কম্পিউটাৰৰ প্রজন্ম

কম্পিউটাৰৰ প্রজন্ম । Generation of Computer in Assamese

কম্পিউটাৰৰ প্রজন্ম মানে কম্পিউটাৰৰ ক্ৰমবিকাশ। সময় আগুৱাই গৈ থকাৰ লগে লগে প্রযুক্তি। বিদ্যাৰ উন্নতি হৈছে। প্ৰজন্মই ক্রমবিকাশৰ পাৰ্থক্যবােৰ চিনাকি কৰি দিয়ে। কম্পিউটাৰৰ প্ৰজন্ম হার্ডওৱেৰ আৰু চফটওবেৰৰ ক্ৰমবিকাশৰ ধাৰণা বর্ণনা কৰাৰ কাৰণে ব্যৱহাৰ কৰা হয়। কম্পিউটাৰ জন্মৰ পৰা বৰ্তমানলৈ পাচটা প্রজন্মত ভাগ কৰিৱ পাৰি।

প্রথম প্ৰজন্মৰ কম্পিউটাৰ (1942-1955)

প্রথম প্রজন্মৰ কম্পিউটাৰ বােৰত ভেকুওবাম টিউৱ ব্যৱহাৰ কৰা হৈছিল। টিউবৰ আকৃতি ডাঙৰ হােৱাৰ কাৰণে প্রথম প্রজন্মৰ কম্পিউটাৰ বােৰৰ আকৃতি ডাঙৰ আৰু ইয়াত সিমিত সঞ্চয় ক্ষমতা আছে। এই বােৰ সহজতে গৰম হয়, ইয়াত বিদ্যুত্ৰ খৰচৰ পৰিমান বেছি। উদাহৰণ স্বৰূপে ENIAC, EDVAC, EDSAC বােৰ প্ৰথম প্ৰজন্মৰ কম্পিউটাৰ।

প্রথম প্রজন্মৰ কম্পিউটাৰ বােৰৰ বৈশিষ্ট ?

  • (i) প্রথম প্রজন্মৰ কম্পিউটাৰবােৰত ভেকুওৱাম টিউৱ ব্যৱহাৰ হৈছিল।
  • (ii) অপাৰেটিং চিষ্টেমৰ গতি কম, বিদ্যুত্ৰ খৰছ বেছি।
  • (iii) শীততাপ নিয়ন্ত্ৰণৰ প্রয়ােজন।
  • (iv) সিমিত প্রগ্রামিং সামর্থতা।

দ্বিতীয় প্রজন্মৰ কম্পিউটাৰ (1955-1963)

দ্বিতীয় প্রজন্মৰ কম্পিউটাৰ বােৰত ভেকুওৱাম টিউৱৰ পৰিবৰ্তে ট্রেনচিষ্টৰচ ব্যৱহাৰ কৰা হয়। ট্রেনচিষ্টৰচ বােৰ চেমি কন্দাক্তৰ পদাৰ্থৰ দ্বাৰা গঠিত। ট্রেনচিষ্টৰচ ব্যৱহাৰৰ ফলত প্রথম জেনেৰেচনতকৈ বা প্রজন্মতকৈ দ্বিতীয় জেনেৰেচনৰ কম্পিউটাৰবােৰৰ আকৃতি সৰু হােৱা দেখা গৈছে। ইয়াত উচ্চ শ্ৰেণীৰ ভাষা ব্যৱহাৰ কৰা হৈছিল। উদাহৰণ স্বৰূপে IBM 7000, Honey Well 200 বিলাক দ্বিতীয় প্রজন্মৰ কম্পিউটাৰ

দ্বিতীয় প্রজন্মৰ কম্পিউটাৰৰ বৈশিষ্টঃ

  • (1) ট্রেনচিষ্টৰচৰ প্রয়ােগ।
  • (2) কম্পিউটাৰবােৰ সৰু আকৃতিৰ আৰু নিৰ্ভৰযােগ্য।
  • (3) কম তাম উৎপন্ন হয়।
  • (4) প্রথম প্রজন্মতকৈ দ্রুত।
  • (5) উচ্চ শ্রেণীৰ ভাষাৰ প্রয়ােগ।

 তৃতীয় প্রজন্মৰ কম্পিউটাৰ (1964-1975)

তৃতীয় প্রজন্মৰ কম্পিউটাৰ বােৰত IC (Integrated Circuits) ব্যৱহাৰ কৰা হৈছিল। IC ব্যৱহাৰ কৰাৰ ফলত দ্বিতীয় প্রজন্মৰ কম্পিউটাৰবােৰ সৰু আকৃতিৰ হৈছে। উদাহৰণ স্বৰূপে IBM-350, ICL1900 শ্ৰেণীৰ কম্পিউটাৰবােৰ তৃতীয় প্রজন্মৰ কম্পিউটাৰ।

তৃতীয় প্রজন্ম কম্পিউটাৰৰ বৈশিষ্ট ?

  • (1) IC (Integrated Circuits) ব্যৱহাৰ কৰা হয়।
  • (2) সৰু আকৃতিৰ ।
  • (3) নিৰ্ভৰযােগ্য আৰু দ্রুত।
  • (4) মেচিনবােৰ কম গৰম হয়।
  • (5) কম খৰচ হয়।
  • (6) সহজতে বৈ নিৱ পাৰি
  • (7) উচ্চ শ্ৰেণীৰ ভাষা PASCLE, FORTRAN, COBLE ব্যৱহাৰ কৰা হয়।

চতুর্থ প্রজন্মৰ কম্পিউটাৰ

চতুর্থ প্রজন্মৰ কম্পিউটাৰ বােৰত VLSI (Very Large Scale Integrated Circuits) ব্যৱহাৰ কৰা হৈছিল। ইয়াৰ আকৃতি তৃতীয় প্রজন্মৰ কম্পিউটাৰবােৰতকৈও সৰু হয়। উদাহৰণ স্বৰূপে IBM 370, HP-3000 বােৰ চতুর্থ প্রজন্মৰ কম্পিউটাৰ।

চতুর্থ প্রজন্মৰ কম্পিউটাৰটোৰ বৈশিষ্ট ?

  • (1) ইয়াত VLSI চিষ্টেম ব্যৱহাৰ হয়।
  • (2) তৃতীয় প্রজন্মৰ আকৃতিতকৈ সৰু।
  • (3) তাপ উৎপন্ন কমকৈ হয়।
  • (4) আগৰ প্রজন্মতকৈ নিৰ্ভৰযােগ্য আৰু সৰু আকৃতিৰ।
  • (5) শীত তাপ নিয়ন্ত্ৰণৰ প্ৰয়ােজন নহয়।
  • (6) সৰু আকৃতিৰ ইয়াক সহজতে বৈ নিৱ পাৰি।
  • (7) অন্য প্রজন্মতকৈ এই প্রজন্মৰ কম্পিউটাৰবােৰ কম খৰচৰ।

পঞ্চম প্রজন্মৰ বর্তমান আৰু ভৱিষ্যত

পঞ্চম প্রজন্মৰ কম্পিউটাৰ আৰম্ভণি সঠিক ভাবে কৱ নােৱাৰি কিন্তু আৰম্ভণি প্রায় নব্বৈ দশকৰ আৰম্ভণিৰ পৰা হােৱা বুলি অনুমান কৰিৱ পাৰি। পঞ্চম প্রজন্মৰ কম্পিউটাৰত Paraller Processing আৰু Artificial Intelligent আৰু UltraLarge Scale Integration (ULSI)ৰসংযােজন হয়। উদাহৰণ স্বৰূপে Super Computer আৰু Robot পঞ্চম প্রজন্মৰ কম্পিউটাৰ।

পঞ্চম প্রজন্মৰ বৈশিষ্ট

  • (1) ULSI ৰ প্রযুক্তি প্রয়ােগ।
  • (2) Artificial Intelligent ৰ প্রয়ােগ।
  • (3) Natural Language Processingৰ বিকশিত।
  • (4) User Friendly আৰু Multimedia বৈশিষ্ট থকা।

You Can Read Also

Disclaimer: This website shares articles to help people learn and understand new things. We try to be correct, but if you find a mistake, please let us know. Thank you!

Personal Contact Information for Any Help or Suggestion

⬇️ Follow On Social Media To Know More & Learn 👇

My Youtube ChannelClick Here
Whatsapp No. only text9365942927
InstagramClick Here
FacebookClick Here
TwitterClick Here
LinkedinClick Here

Leave a Reply

You are currently viewing Generation of Computer in Assamese । কম্পিউটাৰৰ প্রজন্ম